Show/Hide Keyboard Layout

আগলি বতাহে কঁপালে কলৰে পাত

- নিৰ্মলপ্ৰভা বৰদলৈ

আগলি বতাহে কঁপালে কলৰে পাত

আগলি বতাহে কঁপালে কলৰে পাত

মন উৰণীয়া হেৰালে বাটৰে আঁত

মন উৰণীয়া হেৰালে বাটৰে আঁত 

আগলি বতাহে কঁপালে কলৰে পাত ...

 

বুজো কি নুবুজো চিনাকি কুলিৰে মাত

বুজো কি নুবুজো চিনাকি কুলিৰে মাত

মেলো কি নেমেলো আকাশ চুবলৈ হাত

মেলো কি নেমেলো আকাশ চুবলৈ হাত 

হেৰালে বাটৰে আঁত

হেৰালে বাটৰে আঁত 

আগলি বতাহে কঁপালে কলৰে পাত ...

 

এটি ফুল মাথো মনৰে ডালতে কঁপে

এটি ফুল মাথো মনৰে ডালতে কঁপে

এটি মাথো পখী এই উৰে উৰে

কিনো ফুল কেতেকী পখী সিটি

জিৰাব কিহৰে ছাঁত 

হেৰালে বাটৰে আঁত

হেৰালে বাটৰে আঁত 

আগলি বতাহে কঁপালে কলৰে পাত ...

Hits: 2182